কোষক কিয় জীৱদেহ গঠনৰ একক বোলা হয় ?

কোষ জীৱবিজ্ঞান (Cell Biology)
বিংশ শতিকাত জীৱবিজ্ঞান অধ্যয়নৰ বাবে নতুন নতুন আহিলা আৰু পদ্ধতিৰ উদ্ভাৱন হোৱাত (ফেইজ কন্‌ট্ৰাষ্ট অণুবীক্ষণযন্ত্র ইলেকট্রন অণুবীক্ষণযন্ত্র, অণুক্রিয়া সঁজুলি – (Micro-manipulator আদি) কোষৰ অধ্যয়নে এক নতুন গতিবেগ লাভ কৰে। ইয়াৰ লগতে কোষৰ ভিতৰত চলি থকা জৈৱিক প্ৰক্ৰিয়াসমূহৰ অধ্যয়নত অধিক গুৰুত্ব দিয়া হয়। কেৱল অংগ স্তৰতে আৱদ্ধ নাথাকি আণৱিক স্তৰতো কোষৰ অধ্যয়ন হ’বলৈ ধৰে। ফলস্বৰূপে জীৱবিজ্ঞানৰ এটা নতুন শাখাৰ সৃষ্টি হ’ল। এই শাখাক কোষ জীৱবিজ্ঞান (Cell Biology) বোলা হয়। 

কোষক কিয় জীৱদেহ গঠনৰ একক বোলা হয় ?
 যিকোনো জীৱদেহ – এককোষী বা বহুকোষী, কেৱল কোষৰ দ্বাৰাহে গঠিত হয়। এককোষী জীৱ যেনে— বেক্টেৰিয়া, প্রট’যৱা, ইষ্ট (Yeast) ইত্যাদি সকলোৰে জৈৱিক ক্ৰিয়া এটা মাত্ৰ কোষৰ ভিতৰতে সম্পন্ন হয়। বহুকোষী বৃহৎ জীৱ যেনে- মানুহ, পশু-পক্ষী, বৃক্ষ আদি আৰু ক্ষুদ্ৰ জীৱ যেনে— পোক-পৰুৱা, ক্ষুদ্র ক্ষুদ্র উদ্ভিদ আদিৰ দেহো অনেক কোষেৰে গঠিত। এনে ধৰণৰ জীৱৰ দেহত বিভিন্ন কাম বিভিন্ন ধৰণৰ কোষে সমাধা কৰে। সকলো কোষে সকলো কাম কৰিবলগা নোহোৱাত কাম অনুসৰি কোষবিলাক ভাগ ভাগ হৈ কিছুমান কলাৰ (Tissue) সৃষ্টি হয়। ইয়াৰ ফলত কোষবিলাকৰ কাৰ্য্যক্ষমতা আৰু দক্ষতা বৃদ্ধি পায়। বিশেষ বিশেষ কামৰ বাবে এই কলাসমূহ লগলাগি ক্রমে কিছুমান কলাতন্ত্র (Tissue system)-ৰ সৃষ্টি কৰে। এনে কলাতন্ত্রসমূহ লগলাগি কিছুমান বিশেষ বিশেষ অংগ (Organ) সৃষ্টি কৰে। কিছুমান অংগৰ মাজত এনেভাৱে সম্পর্ক স্থাপন হয় যে এনে অংগৰ সমষ্টিক আৰু অংগতন্ত্ৰ (Organ system) বোলা হয়। যেনে— পাচনতন্ত্র এটা অংগতন্ত্র। ই লালটিগ্রন্থি, পাকস্থলী, যকৃৎ, পিত্তাশয়, অগ্ন্যাশয়, অন্ত্র ইত্যাদিৰ সমষ্টি। শ্বাসতন্ত্ৰ, ৰেচনতন্ত্র, স্নায়ুতন্ত্র ইত্যাদিও অংগতন্ত্র। এইবিলাক আচলতে বিভিন্ন ধৰণৰ কলাতন্ত্ৰৰ সমষ্টি। যিহেতু কলা, কলাতন্ত্ৰ আৰু অংগতন্ত্ৰসমূহৰ গঠনৰ মূলতে হৈছে বিভিন্ন ধৰণৰ কিছুমান কোষ; এতেকে দেহ গঠনৰ একক হ’ল কোষ।
Previous Post Next Post

نموذج الاتصال