সালোকসংশ্লেষণৰ হাৰ নিৰ্ভৰকাৰী কাৰকবোৰ-Factors on on which rate of Photosynthesis depends :

 

সালোকসংশ্লেষণৰ হাৰ নিৰ্ভৰকাৰী কাৰকবোৰ -Factors on on which rate of Photosynthesis
depends :

বিভিন্ন কাৰকৰ ওপৰত সালোকসংশ্লেষণৰ হাৰ নিৰ্ভৰ কৰে। 

বাহ্যিক কাৰক :

1.পোহৰ  Light : সালোকসংশ্লেষণত পোহৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সালোক-সংশ্লেষণৰ সময়ত কার্বহাইড্রেট কণাত যি শক্তি সঞ্চিত হয় সেয়া সূৰ্য্যৰ পোহৰৰ পৰাই আহে। পোহৰৰ প্ৰৱলতা, পোহৰৰ গুণাগুণ তথা পোহৰ পৰা সময় আদি কাৰকৰ ওপৰত সালোকসংশ্লেষণৰ হাৰ নিৰ্ভৰ কৰে।

সাধাৰণতে সালোকসংশ্লেষণৰ হাৰ পোহৰৰ প্ৰৱণতা বঢ়াৰ লগে লগে বাঢ়ি যায়। কিন্তু আন কিছুমান উপাদান যেনে— কার্বনডাই-অক্সাইড (CO,)ৰ গাঢ়তা যেতিয়া সীমাবদ্ধ কাৰক হৈ পৰে তেতিয়ালৈকেহে পোহৰৰ প্ৰাৱল্যতা বঢ়াৰ লগে লগে সালোক-সংশ্লেষণৰ হাৰ বৃদ্ধি পায়। আকৌ সালোকসংশ্লেষণৰ হাৰ বেছি হয় পোহৰৰ ৰঙা তৰংগতহে যাৰ তৰংগদৈৰ্ঘ্য 655 nm, তাৰ পিছত নীলা অঞ্চলত যাৰ তৰংগ দৈৰ্ঘ্য 440 nm (Hoover, 1937) কিছুমানৰ মতে অৱশ্যে সুমথিৰা ৰঙা অঞ্চলতহে সালোকসংশ্লেষণৰ হাৰ বেছি হয়। সেউজ হালধীয়া অঞ্চলত গৌণভাৱে বেছি হয় আৰু আটাইতকৈ কমকৈ সালোকসংশ্লেষণ সংঘটিত হয়— - নীলা-বেঙুনীয়া পোহৰত (Gabrielsen, 1948) ৰাতিৰ আন্ধাৰত সালোক-সংশ্লেষণ প্রক্রিয়া বন্ধ থাকে। পোহৰ পৰা সময়ৰ লগতো সালোকসংশ্লেষণৰ হাৰ নিৰ্ভৰ কৰে। বেছি সময় পোহৰ পৰিলে সালোক-সংশ্লেষণ বেছি হয়।

2.কার্বনডাই-অক্সাইডৰ ঘনত্ব- Concentration of CO2আন আন উপাদানে প্ৰভাৱ বিস্তাৰ নকৰালৈকে কার্বনডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'লে সালোকসংশ্লেষণৰো হাৰ বৃদ্ধি হয় (শতকৰা 0.03-0.1 লৈ) যদি কোনো সীমাবদ্ধ কৰা কাৰক নাথাকে তেন্তে সালোকসংশ্লেষণ এটা সময়লৈকে বৃদ্ধি হৈ থাকে। আকৌ বৰ বেছি কার্বনডাই-অক্সাইডৰ ঘনত্ব সালোকসংশ্লেষণৰ পৰিমাণ হ্রাসহে কৰে।

3. উত্তাপ (Temperature) : যথেষ্ট বিস্তৃত উত্তাপৰ বিস্তৃতিৰ পৰিমাণৰ ওপৰত সালোকসংশ্লেষণৰ হাৰ নিৰ্ভৰ কৰে। এয়া অৱশ্যে নিৰ্ণয় কৰাটো কিছু সমস্যাজনক কথা। কিছুমান পাইন বা কনিফাৰ জাতীয় উদ্ভিদৰ ক্ষেত্ৰত 35°C উষ্ণতাতো সালোক-সংশ্লেষণ সংঘটিত হয় আৰু লাইকেনৰ ক্ষেত্ৰত –20°C উষ্ণতাতো সালোকসংশ্লেষণ ঘটে। যি কি নহওক, সালোকসংশ্লেষণ উত্তাপৰ ওপৰতো নিৰ্ভৰ কৰে। অৰ্থাৎ হিমাংকৰ তলৰ পৰা প্ৰায় 50° ছেণ্টিগ্রেড (50°C)লৈ সালোকসংশ্লেষণ ঘটিব পাৰে। কিন্তু এই প্ৰক্ৰিয়াৰ বাবে 30° ছেণ্টিগ্রেড উত্তাপেই অনুকূল উত্তাপ।

(4) অক্সিজেনৰ ঘনত্ব (Temperature of Oxygen) : অক্সিজেনৰ ঘনত্বৰ ওপৰতো সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে। সাধাৰণতে যথেষ্ট বায়ুমণ্ডলীয় (প্ৰায় 21%) অক্সিজেনৰ প্ৰভাৱত থকা বেছিভাগ স্থলজ উদ্ভিদৰ ক্ষেত্ৰত অক্সিজেনৰ ঘনত্ব বৃদ্ধি পালে সালোক-সংশ্লেষণৰ হাৰ কমি যায়। সালোকসংশ্লেষণৰ লগত জড়িত উৎসেচকবোৰে কমি যায়।

(5) পানী যোগান (Supply of water) : পানীয়ে অৱশ্যে সালোকসংশ্লেষণত পৰোক্ষ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ কাৰণ হ'ল অতি কম শতাংশ শোষিত পানীহে সালোকসংশ্লেষণত ব্যৱহৃত হয়।

(6) ৰাসায়নিক যৌগ (Chemical compounds) : বিভিন্ন ৰাসায়নিক যৌগ যেনে ক্ল'ৰ'ফৰ্ম, ইথাৰ, হাইড্ৰ'জেন, ছালফাইড, কুইনাইন আদিৰ সামান্য পৰিমাণে সালোকসংশ্লেষণৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ কাৰণ হ'ল এই যৌগবোৰে সালোক-সংশ্লেষণৰ লগত জড়িত উৎসেচকবোৰৰ কাৰ্যত বাধা প্ৰদান কৰে।

(7) পাতৰ বয়স (Age of leaves) : বয়স বাঢ়ি যোৱাৰ লগে লগে প্রত্যেকখিলা পাতৰ সালোক-সংশ্লেষণ কৰাৰ ক্ষমতা কমি আহে। গতিকে পাতৰ পূৰঠ হোৱা স্তৰলৈকে সালোক-সংশ্লেষণ বেছিকৈ কৰিব পাৰে। পিছত বেছি বয়স হ'লে এইবোৰৰ সালোকসংশ্লেষণ ঘটাব পৰা ক্ষমতা কমি যায়।

আভ্যন্তৰিক কাৰক : বিভিন্ন ধৰণৰ আভ্যন্তবিক কাৰকৰ ওপৰতো সালোকসংশ্লেষণৰ হাৰ নিৰ্ভৰ কৰে। যেনে—

(1) পত্ৰহৰিতৰ পৰিমাণ (Chlorophyll content) : যদিও পত্রহবিৎ এটি অতি দৰকাৰী উপাদান তথাপি পত্ৰহৰিতৰ পৰিমাণ তথা সালোকসংশ্লেষণৰ হাৰৰ তেনে সমানুপাতিক সম্পর্ক নাই বুলি বহুতে ক'ব বিচাৰে। আয়ৰণ, ছালফাৰ, নাইট্ৰজেন আৰু মেগনেছিয়ামৰ অভাৱৰ ফলত পাতত ক্লৰ ফিলৰ পৰিমাণ কমি যায় বাবে সালোকসংশ্লেষণত ঋণাত্মক প্রভাৱ পেলাব পাবে।

(2) প্ৰট'প্লাজমৰ পৰিমাণ (Protoplasm Content) : প্ৰট'প্লাজমে সালোকসংশ্লেষণত এটি অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। কাৰণ পানী তথা বিভিন্ন ধৰণৰ উৎসেচকবোৰ এই প্ৰট’প্লাজমতে থাকে। এইদৰে সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো বিভিন্ন বাহ্যিক তথা আভ্যন্তবিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰাৰ উপৰি পাতৰ গঠনৰ ওপৰতো নিৰ্ভৰ কৰে।

Previous Post Next Post

نموذج الاتصال