জীৱৰ শক্তি আহৰণ আৰু বিনিময়

 জীৱৰ শক্তি আহৰণ আৰু বিনিময়

জীৱনক শক্তিৰ ৰূপান্তৰ আৰু বিনিময়ৰ প্ৰকাশ বুলি কোৱা হয়, কাৰণ জীৱনক্ৰিয়া চলি থাকিবলৈ যি শক্তিৰ প্রয়োজন হয় সি ৰূপান্তৰিত হৈ বিনিময় হোৱা শক্তি। জীৱই জীৱন ক্ৰিয়াৰ বাবে শক্তিৰ বিভিন্ন ৰূপ বিভিন্ন কামৰ বাবে ব্যৱহাৰ কৰে। শক্তিৰ মূল উৎস সূৰ্য্য। উদ্ভিদক বাদে অন্য জীৱই সৌৰশক্তি গ্রহণ আৰু ৰূপান্তৰ কৰিব নোৱাৰে।

উদ্ভিদে এই শক্তিক ৰাসায়নিক স্থিতিশক্তিলৈ (শৰ্কৰা, তেল, প্ৰটিন) ৰূপান্তৰ কৰে। অন্য জীৱই স্তৰে স্তৰে এই শক্তিক আত্মীকৰণ কৰি ব্যৱহাৰ কৰে। প্ৰাণীয়ে বা অন্য জীৱই গ্ৰহণ কৰা খাদ্য জাৰণ কৰি (শ্বসনৰ যোগেদি) শক্তিৰ ৰূপান্তৰকৰি ATP (Adenosine Triphosphate) ৰূপে কোষৰ মাইট 'কন্ড্রিয়াত (Mitochondria) সঞ্চিত কৰি ৰাখে স্থিতি শক্তি ৰূপে। এই শক্তিক শৰীৰৰ বিভিন্ন কাম কৰিবৰ বাবে আকৌ বেলেগ বেলেগ শক্তিলৈ ৰূপান্তৰ কৰে। যেনে মাংসপেশী সংকোচনৰ যোগেদি যান্ত্রিক শক্তিলৈ, স্নায়বিক কামৰ বাবে বৈদ্যুতিক শক্তিলৈ, দেহৰ উত্তাপ ৰক্ষাৰ বাবে তাপ শক্তিলৈ, কোষাৱৰণ আৰু বৃক্কৰ আসৃতি বাবে আসৃতিৰ চাপ নিয়ন্ত্ৰণ কৰা শক্তিলৈ, পোহৰ উৎপাদনকাৰী জীৱৰ বাবে পোহৰ শক্তিলৈ ৰূপান্তৰ কৰে। এনে ভাৱে আৰু অন্যান্য কাম যেনে কোষ বিভাজন, দেহৰ মেৰামতি, বিভিন্ন| ৰাসায়নিক বিক্রিয়া আদিৰ বাবেও এনে শক্তি ৰূপান্তৰিত হৈ ব্যৱহৃত হয়। খাদ্যৰ লগত সম্পর্ক নথকা শক্তিও ৰূপান্তৰিত হোৱা দেখা যায়। যেনে চকুৰ ৰেটিনাই পোহৰ শক্তিক বৈদ্যুতিক শক্তিলৈ, কাণৰ পৰ্দাই শব্দ শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে। মুঠতে জীৱন চলি থাকিবলৈ হ'লৈ শক্তিৰ ৰূপান্তৰ আৰু বিতৰণ হ'বই লাগিব। সেইবাবে জীৱনক শক্তি বিতৰণৰ প্ৰকাশ বোলা হয়।

Previous Post Next Post

نموذج الاتصال