বন্যপ্ৰাণীৰ গুৰুত্ব- Importance of Wildlife :

বন্যপ্ৰাণীৰ গুৰুত্ব (Importance of Wildlife) :

বন্যপ্রাণী হৈছে প্ৰকৃতিৰ এক অতুলনীয় সম্পদ যি মানৱ জাতিৰ বাবে অত্যন্ত প্রয়োজনীয়। মানৱ জাতিৰ বাবে থকা

বন্যপ্ৰাণীৰ প্ৰয়োজন সম্পর্কে তলত উল্লেখ কৰা হ'ল।

1. পৰিৱেশমূলক গুৰুত্ব : প্ৰকৃতিৰ জৈৱিক কাৰকবোৰৰ প্ৰতিটোৱেই ইটো-সিটোৰ সৈতে খাদ্যশৃংখল, খাদ্যজাল আদিৰ দ্বাৰা এনেকৈ ওতঃপ্রোতভাবে জড়িত যে ইয়াত সামান্য ত্রুটি বা ক্ষতি হ'লেই সমগ্ৰ প্ৰকৃতি ভাৰসাম্যহীন হৈ পৰিব।

বন্যপ্ৰাণীবোৰো এই প্রকৃতিৰে এটা বিশেষ উপাদান বা অংশ। ইহঁতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত নানান ধৰণে অৰিহণা যোগায়। উদাহৰণস্বৰূপে—চৰাই তথা কীট পতংগসমূহে পৰাগযোগৰ ক্ষেত্ৰত লোৱা ভূমিকা তথা পৰিৱেশ প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰত পক্ষীৰ ভূমিকাৰ কথা উল্লেখ কৰিব পাৰি। পক্ষী তথা কীট-পতংগসমূহৰ আবাসস্থানৰ ধ্বসংকাৰ্যই মানুহৰ লগতে বন্যপ্ৰাণীৰ বহু অনিষ্ট সাধন কৰিব পাৰে।

2. অর্থনৈতিক গুৰুত্ব : বন্যপ্রাণী আৰু সিহঁতৰ উৎপাদনসমূহৰ ন্যায়সংগত আৰু বিজ্ঞানসন্মত প্ৰয়োগৰ জৰিয়তে মানুহে বহুতো আর্থিক লাভালাভ অৰ্জন কৰিব পাৰে। এইবোৰ এনে ধৰণৰ—

(a) বন্যপ্ৰাণীৰ পৰা পোৱা মাংস, চাল, নোম, পাখি, মৌ, লা আদিৰ বিজ্ঞানসন্মত প্রয়োগে নিজ দেশত অৰ্থলাভ কৰাত ইন্ধন যোগোৱাৰ উপৰিও বহু বিদেশী মুদ্রা অর্জন কৰাত সহায় কৰে।

(b) মৎস্য প্রজাতিবোৰে এক বৃহৎ খাদ্য ভাণ্ডাৰ হিচাপে অৰিহণা যোগায়।

(c) যদিহে বন্যপ্রাণীসমূহক বিজ্ঞানসন্মতভাবে সংৰক্ষণ কৰি পৰ্যটন উদ্যোগৰ সৈতে জড়িত কৰা হয় তেন্তে সিহঁতৰ পৰা বহু বিদেশী মুদ্রা অর্জন কৰাৰ সম্ভাৱনা থাকে।

(d) চিৰিয়াখানা আদিৰ দ্বাৰা জীৱিত প্ৰাণী সংগ্ৰহৰদ্বাৰাও ধন অৰ্জন কৰিব পাৰি।

3. বিজ্ঞান চর্চাত বন্যপ্ৰাণীৰ গুৰুত্ব : বন্যপ্ৰাণীৰ সংৰক্ষণে বিজ্ঞানীসকলক বিভিন্ন জীৱৰ বৰ্হিগঠন, অন্তর্গঠন, কলাবিদ্যা, জীৱনক্ৰিয়া তথা শৰীৰবিদ্যা, পাৰিস্থিতিক বিদ্যাৰ বিষয়ে গৱেষণামূলক তথ্য সংগ্ৰহ কৰাৰ লগতে সিহঁতৰ প্ৰাকৃতিক বা কৃত্রিম বাসস্থানৰ অধ্যয়ন কৰাত সহায় কৰে।

4. বিনোদনমূলক গুৰুত্ব : বন্যপ্রাণীসমূহে মানুহৰ বিনোদনৰ এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে কাম কৰে। প্ৰাকৃতিক পৰিৱেশত বন্যপ্রাণীসমূহৰ কাৰ্যকলাপ চাই, সিহঁতৰ সৌন্দর্য উপভোগ কৰি মানুহে দৈনন্দিন ব্যস্ততাৰ পৰা কিছু সকাহ পাব পাৰে। তাৰোপৰি বিশেষ কিছুমান স্থানত যেনে— সাগৰৰ পাৰত সাগৰীয় প্রাণীসমূহ, মৰুভূমিত উট আদিয়ে মানুহক বহুক্ষেত্ৰত আনন্দৰ খোৰাক যোগায়।

5. নন্দন তাত্ত্বিক গুৰুত্ব : প্ৰকৃতিৰ প্ৰতিটো সৃষ্টিয়েই মানুহৰ বাবে সৌন্দৰ্যৰ আকাৰ, বন্যপ্রাণীও তাৰেই অন্যতম। বন্যপ্রাণীসমূহৰ অস্তিত্বই এফালে প্ৰকৃতিৰ সৌন্দৰ্যত সোণত সুৱগা চৰাইছে আৰু আনফালেদি উৎসাহিত কৰিছে মানুহক বহু যুগজয়ী শিল্পৰ সৃষ্টিত।

6. নৈতিক গুৰুত্ব : জীৱৰ বহু বছৰৰ ক্ৰমবিকাশৰ ফলশ্রুতি হ'ল বৰ্তমানৰ বৈচিত্রময় জীৱজগতৰ অস্তিত্ব। ইয়াতে নিহিত হৈ আছে নিযুত বছৰৰ পৰা চলি থকা জৈৱিক ক্ৰমবিকাশৰ ৰহস্যৰ ইতিহাস আৰু নতুন পুৰুষৰ ভৱিষ্যৎ। গতিকে এনে এক সৃষ্টিক সংৰক্ষণ কৰাটো মানুহৰ নৈতিক দায়িত্ব।

বন্যপ্ৰাণীৰ বিলুপ্তিৰ কাৰণ (Reasons of extinction of wildlife) :

মানুহ তথা প্ৰকৃতিৰ কাৰ্যকলাপৰ ফলত বন্যপ্ৰাণীৰ প্ৰজাতিসমূহৰ সম্পূৰ্ণ বিলোপ সাধন হোৱাটোকে বিলুপ্তি বুলি কোৱা হয়। ক্রমবিকাশৰ ইতিহাসত সহ প্ৰজাতিৰ সৈতে হোৱা অস্তিত্বৰ সংগ্ৰামত বহু সংখ্যক উদ্ভিদ আৰু প্ৰাণীৰ বিলুপ্তি হৈছে বা হ'বও। এইয়া প্রাকৃতিক মৃত্যু। প্রাকৃতিক দুর্যোগ বা প্রাকৃতিক অৱস্থাৰ পৰিৱৰ্তনৰ ফলতো ডাইনোছৰৰ দৰে প্ৰাণী বিলুপ্তি প্রাপ্ত হৈছে। প্রাকৃতিক নিয়মত হোৱা এনে বিলুপ্তিয়ে কোনো অনিষ্ট সাধন নকৰে কাৰণ ক্রমবিকাশৰ দ্বাৰা নতুন প্ৰজন্মৰ সৃষ্টি আৰু পুৰণি জীৱৰ বিলোপ প্ৰকৃতিৰ ৰীতি স্বৰূপ। কিন্তু মানুহৰ বিবেচনাহীন নির্মমতাৰ ফলত হোৱা জীৱৰ অৱলুপ্তিৰ বাবে বন্যপ্ৰাণীৰ যি বিলুপ্তি ঘটিছে, ই অতিশয় ক্ষতিকাৰক কাৰণ এনে বিলুপ্তিৰ ফলত আমাৰ পৰিৱেশতন্ত্ৰত অত্যন্ত কু-প্ৰভাৱ পৰে। 

বন্যপ্ৰাণীৰ বিলুপ্তিৰ কাৰণ বহুত। তাৰে কিছুমান তলত উল্লেখ কৰা হ'ল।

1. কৃষিকাৰ্য, উদ্যোগীকৰণ, পৰিৱেশ প্ৰদূষণ, ভূমিস্খলন, বনাঞ্চল ধ্বংস আদিৰ কাৰণে বন্যপ্রাণীসমূহৰ প্ৰাকৃতিক আবাসস্থান ক্রমশঃ হ্রাস পাবলৈ ধৰিছে। ইয়াৰ ফলত খাদ্যসংকটে দেখা দিছে তথা চলা-ফুৰা ঠাইৰ অভাৱ হৈছে যাৰ ফলত বন্যপ্ৰাণীসমূহৰ সংখ্যা হ্রাস পাইছে আৰু ফলত অৱলুপ্তি হৈছে।

2. কাঠ, খৰি আদিৰ বাবে গছ-গছনিবোৰ অবাধে ধ্বংস কৰাৰ ফলত বহু বন্যপ্ৰাণীৰ প্ৰিয় খাদ্যসম্ভাৰৰ অভাৱ হৈছে আৰু ই সিহঁতৰ অস্তিত্ব সংকটাপন্ন কৰি তুলিছে।

3. ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগৰ ফলত পৰিৱেশ প্ৰদূষণ সংকটৰ সৃষ্টি হৈছে আৰু এই প্ৰদূষিত পৰিৱেশত বন্যপ্ৰাণীৰ অস্তিত্ব বিপন্ন হৈ পৰিছে।

4. খাদ্যৰ বাবে আৰু নোম, ছাল, দাঁত, শিং, খড়্গ আদিৰ বাবে অবিবেচনামূলকভাবে কৰা বন্যপ্ৰাণীৰ চিকাৰো অবলুপ্তিৰ এক মূল কাৰণ।

5. বানপানী, ভূমিকম্প, খৰাং আদি প্রাকৃতিক সংকটেও বহু বন্যপ্রাণীক অৱলুপ্তিৰ পথ দেখুৱাইছে।

বন্যপ্রাণী সংৰক্ষণ (Conservation of wildlife) :

অৱলুপ্তিৰ পৰা বন্যপ্রাণীসমূহক সুৰক্ষা দিয়াৰ যিকোনো প্রচেষ্টাই হৈছে বন্যপ্রাণী সংৰক্ষণ। বন্যপ্রাণীক বিধ্বংসী কাৰকসমূহৰ দ্বাৰা, অনিষ্ট নোহোৱাকৈ ৰাখি মানৱজাতিৰ বৰ্তমান তথা ভবিষ্যতৰ প্ৰয়োজন পূৰণৰ অৰ্থে জীৱমণ্ডলত থকা বন্যপ্রাণী সমূহৰ সঠিক নিয়ন্ত্ৰণ আৰু প্ৰয়োগকে বন্যপ্রাণী সংৰক্ষণ বুলি কোৱা হয়।

সংৰক্ষণৰ লক্ষ্য (Aim of Conservation) :

1. নবীকৰণযুক্ত আৰু অফুৰন্ত প্রাণী সম্পদৰ বিজ্ঞান ভিত্তিক আৰু সুপৰিকল্পিত ব্যৱহাৰৰ যোগেদি প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰখাৰ লগে লগে ইয়াক বৰ্তমান আৰু ভৱিষ্যত প্ৰাচুৰ্যপূৰ্ণ কৰি ৰখা।

2. প্রয়োজনীয় উদ্ভিদ তথা প্ৰাণীসমূহৰ উৎপাদন আৰু সুৰক্ষা সুনিশ্চিত কৰা।

3. লুপ্তপ্রায় জীৱগোষ্ঠীক উপযুক্ত ৰক্ষণা-বেক্ষণৰ যোগেদি পুনঃ উজ্জীৱিত কৰা আৰু পৃথিৱীৰ প্ৰাকৃতিক সৌন্দৰ্যৰে আকৌ দৃশ্যময় কৰি তোলা ।

4. জীৱ বৈচিত্ৰ্য ৰক্ষা কৰা আৰু ভবিষ্যৎ বংশগত বৈচিত্র্যক সুৰক্ষা দিয়া।

5. প্রাকৃতিক পৰিৱেশত দুষ্প্রাপ্য জীৱসমূহৰ সুৰক্ষা, প্রজনন তথা ন্যায়সংগতভাবে জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা৷

6. প্ৰকৃতিৰ নন্দনতাত্বিক তথা বিনন্দীয়া পৰিৱেশৰ সুৰক্ষা নিশ্চিত কৰা।

Previous Post Next Post

نموذج الاتصال