ভাইৰাছৰ চাৰিত্রিক বৈশিষ্ট্য (Characteristic Features of Virus ) :

 ভাইৰাছৰ চাৰিত্রিক বৈশিষ্ট্য (Characteristic Features of Virus ) :

ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট যে, ভাইৰাছৰ প্ৰকৃতি জীৱ বা জড়ৰ প্ৰকৃতিৰ লগত সম্পূর্ণভাবে নিমিলে।

যিবিলাক যুক্তিৰ দ্বাৰা ভাইৰাছক জীৱ বা জড় বা উভয়ৰ মাজৰ এক অৱস্থা বুলি বুজোৱা হৈছে সেই যুক্তিবিলাকৰ পৰাই

ভাইৰাছৰ চাৰিত্ৰিক দিশ ওলাই পৰে। তথাপি ইহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্য বুলি ক'লে তলত উল্লেখ কৰা বিশেষ চৰিত্ৰসমূহৰ

কথাই ক'ব লাগিব :

1. ডাইৰাছ কেৱল ইলেকট্রন অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা যায়।

2. ভাইৰাছ ইমান ক্ষুদ্র যে বেকটেৰিয়া সৰকি যাব নোৱাৰা ফিলটাৰৰ মাজেদিও ই সৰকি যাব পাৰে।

3. ভাইৰাছ পোষক জীৱকোষৰ বাহিৰত নিৰ্জীব অৱস্থাত থাকে। কেৱল পোষক জীৱকোষৰ অভ্যন্তৰতহে বংশবৃদ্ধি

কৰিব পাৰে।

4. ভাইৰাছৰ দেহটোক কোষ আখ্যা দিব নোৱাৰি। কাৰণ, তাৰ দেহত কোষাৱৰণ, কোষপ্ৰৰস আদি নাথাকে।

5. এখন প্রটিন আৱৰণীৰ দ্বাৰা ভাইৰাছৰ দেহ আবৃত। এই প্রটিন আৱৰণীৰ ভিতৰত নিউক্লিক এছিড থাকে।

6. ইহঁতৰ তাপ, শীত আৰু সূৰ্য্যৰ পোহৰ সহ্য কৰিব পৰা ক্ষমতাও প্রবল।

7. লোণ, এছিড, খাৰ আৰু এণ্টিবায়টিক সহ্য কৰিব পৰা ক্ষমতাও আছে।

& ইহঁতৰ অভিযোজন (adaptation) আৰু প্ৰকাৰণ (variation) ক্ষমতা প্রবল।

9. ভাইৰাছৰ পোষক বিশিষ্টতা (host specificity) উল্লেখযোগ্য।

10. ইহঁতৰ সংক্ৰমণ ক্ষমতাও অতি বেছি।

Previous Post Next Post

نموذج الاتصال