চায়ান’বেকটেৰিয়াৰ সাধাৰণ চৰিত্ৰ (General Character of Cyanobacteria) :

চায়ান’বেকটেৰিয়াৰ সাধাৰণ চৰিত্ৰ (General Character of Cyanobacteria) :

Cyanobacteria

1. এককোষী বা বহুকোষী, সূত্রাকাৰ, পানী বা সেমেকা মাটিত বাস কৰে, কোনো ধৰণৰ ফ্লেজেলা নাই

2. কোষবেৰত চেলুল’জৰ পৰিৱৰ্তে পেপ্টিডগ্লাইকেন থাকে।

3. প্রকৃত কোষকেন্দ্র নাথাকে, নগ্ন DNA ই ক্ৰমজমৰ কাম কৰে।

4. পত্ৰহৰিৎ থকা বাবে সালোকসংশ্লেষণ কৰিব পাৰে।

5. কোষদ্ৰৱ্য, বর্ণহীন কেন্দ্রীয় পদার্থ (Central body) আৰু চাৰিওকাষে থকা ৰঞ্জক দ্ৰব্যৰ (Chromoplasm) দ্বাৰা গঠিত।

6. পত্ৰহৰিৎ তিনি প্ৰকাৰৰ সেউজীয়া ৰঙৰ ক্ল’ৰফিল, ৰঙা ফাইক’বিলিন (Phycobilin) আৰু নীলা ফাইক’চায়ানিন(Phycocyanin)। 

7. সঞ্চিত খাদ্য — শ্বেতসাৰ আৰু প্ৰ'টিন।

৪. সূত্রাকাৰ দেহ তিনি ধৰণৰ কোষেৰে গঠিত। এনে কোষ হ’ল - দেহকোষ, একাইনেট (Akinete) আৰু হেটেৰ'ছিষ্ট

(Heterocyst)। একাইনেট অযৌন প্রজনন ৰেণু। হেটেৰ'ছিষ্টে নাইট্ৰ'জেন স্থিতিকৰণত সহায় কৰে।

9. কোষবেৰে এক ধৰণৰ বিজলুৱা পদার্থ নিঃসৰণ কৰে যাৰ বাবে কোষবেৰ পিছল হয়।

উদাহৰণ-নষ্টক (Nostoc), এনাবিনা (Anabaena), অচ্ছিপ্লেট'ৰিয়া (Oscillatoria), ক্ৰ'কক্কাছ (Chroococcus),

গ্লিয়'কাপচা (Gleocapsa)।

Previous Post Next Post

نموذج الاتصال