বৰ্গীকৰণৰ কাৰ্যকৰী দিশ (Functional Aspects of Classification) :

 বৰ্গীকৰণৰ কাৰ্যকৰী দিশ (Functional Aspects of Classification) :

বৰ্গীকৰণ জীৱবিজ্ঞানৰ এটি সুপ্রতিষ্ঠিত শাখা। সূক্ষ্ম পৰ্য্যবেক্ষণ আৰু বিচাৰৰ ওপৰত ইয়াৰ কাৰ্যপদ্ধতি নিৰ্ভৰ কৰে। এই কার্যপদ্ধতিৰ কেইবাটাও দিশ আছে। এই দিশ কেইটা হ'ল

1. টেক্স 'নমি (Taxonomy) :

বৰ্গীকৰণ আৰু চিনাক্তকৰণৰ বাবে উপযুক্ত পদ্ধতি উদ্ভাৱন কৰাই ইয়াৰ মূল উদ্দেশ্য। জীৱৰ দৈহিক চৰিত্ৰৰ উপৰিও প্রয়োজনমতে কোষ, কলা, ভ্রূণ, ছিৰাম (Serum) আদি বিশ্লেষণ কৰিও জীৱৰ পাৰস্পৰিক সম্বন্ধ নিৰূপণৰ পদ্ধতি আৰু তথ্য যুগুত কৰা হয়। এই তথ্যক ভেঁটি কৰি বৰ্গীকৰণ কৰা হয়।

2. ছিষ্টেমেটিকচ্ (Systematics) :

ইয়াৰ মূল উদ্দেশ্য হ’ল টেক্সনমিৰ তথ্যৰ পৰা জীৱসমূহৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য বিচাৰ কৰি সিহঁতক বৰ্গীকৰণ কৰি এনে ভাৱে সজোৱা যাতে, সিহঁতৰ পাৰস্পৰিক সম্বন্ধ নিৰ্ধাৰণ কৰিব পৰা হয় আৰু সিহঁতৰ প্ৰত্যেকৰ উৎপত্তি আৰু বিৱৰ্তনৰ পথো নিৰ্দেশ কৰিব পৰা যায়। ইয়াত প্ৰতিটো জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য এনেভাৱে দিয়া হয় যে, এই বর্ণনা অনুসৰি অচিনাকি জীৱক চিনাক্ত কৰা সহজ হৈ পৰে।

সাধাৰণতে উদ্ভিদ বিজ্ঞানৰ ক্ষেত্ৰত ওপৰত উল্লেখিত দুয়োটা দিশ প্রযোজ্য; কিন্তু প্রাণী বিজ্ঞানৰ ক্ষেত্ৰত টেক্সনমিয়ে দুয়োটা দিশ একেলগে সামৰি লয়।

3. নামকৰণ (Nomenclature) ঃ

আন্তজার্তিক নিয়ম অনুসৰি প্ৰতিটো জীৱক সকলোৰে গ্ৰহণযোগ্য একোটা বৈজ্ঞানিক নাম দিয়া হয়।

4. প্রামাণ্য জীৱৰ সংৰক্ষণ :

সংগ্ৰহালয়ত বা হার্বেৰিয়ামত (Herbarium) প্রামাণ্য জীৱক (জীৱিত বা মৃত অৱস্থাৰ) আৰু অতীজৰ জীৱাশ্মসমূহক সংৰক্ষণ কৰি ৰখা হয়।

Previous Post Next Post

نموذج الاتصال