সাধাৰণ জ্ঞান আৰু অসমৰ ওপৰত বিশেষ গুৰুত্বসহ -General Knowledge & Intelligence With Special Emphasis On Assam

 

সাধাৰণ জ্ঞান আৰু অসমৰ ওপৰত বিশেষ গুৰুত্বসহ

(GENERAL KNOWLEDGE & INTELLIGENCE

WITH SPECIAL EMPHASIS ON ASSAM)

অসম

প্রাচীন কালত এইখন ৰাজ্যৰ নাম কামৰূপ, প্ৰাগজ্যোতিষপুৰ আছিল। ত্রয়োদশ শতিকাৰ পৰা ইয়াৰ নাম অসম হৈছিল। অসম নামৰ উৎপত্তি সম্বন্ধে বহুতো পণ্ডিতে নানা মত পোষণ কৰিছে। কিছুমানে কৈছে যে-প্রাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে এই দেশৰ নাম-সম হৈছে। আন কিছুমান পণ্ডিতৰ মতে, আহোম ৰজাসকলে এই দেশখন শাসন কৰিছিল বাবেইআহোমশব্দটোৰ পৰা এই ৰাজ্যখনৰ নাম অসম হৈছিল। সংস্কৃতত-সমশব্দৰ অৰ্থ অদ্বিতীয় আছামশব্দটোৰ পৰা এই ৰাজ্যৰ নাম উৎপত্তি হৈছিল বুলি ' পৰা যায় টাই আৰু আহোম ভাষাতছামশব্দৰ অৰ্থ ' পৰাজিত। ইয়াৰ লগতউপসৰ্গ যোগ কৰিলে অর্থ হয় অপৰাজিত অথবা বিজয়ী। ° বাণীকান্ত কাকতিৰ মতেআছামশব্দৰ জন্ম হৈছে অপৰাজিত আৰু অদ্বিতীয় বুজাবলৈ। পণ্ডিত বেডেন পাৱেলৰ মতে, এই নামটি ৰাজ্যৰ আদিম জনগোষ্ঠী বড়োসলৰছো-ছামশব্দৰ পৰা উৎপত্তি হৈছে।ছোছামৰঅৰ্থ নিম্নভূমি বা সমভূমি। তথাপিও অসম নামৰ উৎপত্তি সম্বন্ধে সঠিককৈ কোৱাটো টান।

ভৌগোলিক অৱস্থান অসম ভাৰতৰ অন্তৰ্ভূক্ত এখন ৰাজ্য। ভাৰতৰ উত্তৰ-পূৱত অৱস্থিত। ভৌগোলিক অৱস্থান অনুসৰি 24 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশত আৰু 90 ডিগ্ৰী পূর্ব দ্রাঘিমাৰ পৰা 97 ডিগ্ৰী পূর্ব দ্রাঘিমালৈ অৱস্থিত।

চাৰিসীমা. উত্তৰে -ভূটান আৰু চীন।

পূবে - অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ।

দক্ষিণে- বাংলাদেশ, ত্ৰিপুৰা, মিজোৰাম। পশ্চিমে পশ্চিমবংগ

প্রাকৃতিক বিভাগ

(i) ব্রহ্মপুত্র উপত্যকা,

(ii) বৰাক উপত্যকা,

(iii) কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল

মাটিকালি : 78,438 বর্গ কিঃমিঃ।

ৰাজধানী দিশপুৰ।

জিলা : 33 খন

প্রধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক।n ৰাষ্ট্ৰীয় উদ্যান : 5 খন।

জলবায়ু

অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা। জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। অসমৰ জলবায়ুক

চাৰিটা ভাগত ভাগ কৰা হৈছে। যেনে-শীত, প্ৰাক মৌচুমী, মৌচুমী আৰু উত্তৰ মৌচুমী।

ৰাজ্যিক সংগীত :  ' মোৰ আপোনাৰ দেশ।

ৰচক :  লক্ষ্মীনাথ বেজবৰুৱা।

জাতীয় শ্লোগান :-জয় আই অসম।

ৰাজ্যিক মোহৰ:- অসম চৰকাৰ।

ৰাজ্যিক ভাষা :- অসমীয়া

ৰাজ্যিক সাহিত্যসভা:- অসম সাহিত্য সভা।

জাতীয় উৎসৱ : বিহু।

জাতীয় নৃত্য : বিহু নৃত্য।

জাতীয় ফুল : কপৌ ফুল।

জাতীয় গছঃ হোলোং।

জাতীয় জন্তু :এশিঙীয়া গঁড়।

জাতীয় পক্ষী : দেও হাঁহ।

জাতীয় জলচৰ প্ৰাণী :শিহু।

 

প্রধান নদী আৰু উপনদী

ব্ৰহ্মপুত্ৰ : সোৱণশিৰি, ডিব্ৰুং, জিয়াভৰালী, ধনশিৰি, বৰনৈ, পুঠিমাৰী, পাগলাদিয়া, মানাহ, চম্পাৱতী, সৰলভাঙা, দুধনৈ, সোণকোষ, নদিহিং, বুঢ়ীদিহিং, দিখৌ, দিচাং, জাঁজী, কুলচী, ভোগদৈ, ডিগাৰু, জিঞিৰাম, কৃষ্ণাই, কপিলী।

 বৰাক জাটিংগা, জিৰি, বগাপানী, সোনাই, শিংৰা, ৰাকনি, ধলেশ্বৰী, লংগাই, মাধুৰা, চিৰি, যদুকাটা। বুঢ়ীদিহিংঃ নামদাং, চেঁচা, টিপলিং, টিংৰাই।

সোৱণশিৰি :ডাঙৰী, ডুমডুমা।

মানাহঃ আই, বেঁকী।

কপিলী বৰাপানী, কিলিং।

 

প্রধান পাহাৰবোৰ

নীলাচল, ভোমোৰাগুৰি, শ্রীসূর্য, চৰাইদেউ, পঞ্চৰত্ন, বৰাইল, নৱগ্ৰহ, ৰাক্ষসিনী, টুক্ৰেশ্বৰী, ৰেংমা,

চিত্ৰাচল, কাৰ্বি পাহাৰ, বুঢ়া পাহাৰ, কালা পাহাৰ, নৰকাসুৰ, চান্দডিঙা, গৰুৱাচল, মণিকুট, ভৈৰৱচূড়া,

আগিয়াঠুৰি, মায়ং, যোগীঘোপা, নামচাং, পাগলাটেক, বৰাইল, ভৈৰৱী, সন্ধ্যাচল, মণিকৰ্ণেশ্বৰ আদি।

মাটিকালি : ৭৮৪৩৮ বর্গ কিঃমিঃ।

বনাঞ্চলৰ মাটিকালি : ২৫৯৭৭ বর্গ কিঃ মিঃ।

তাপমান : গ্রীষ্মকালত গড়ে ৩০° ছেলছিয়াছ আৰু শীতকালত গড়ে ১৬° ছেলছিয়াছ।

বৰষুণ : বছৰি ১৭৮ ছেঃমিঃ পৰা ৩০৫ ছেঃ মিঃ।

উচ্চতা : সমুদ্র পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা ৭৯. মিঃ।

প্রধান ভাষা : অসমীয়া।

ৰাজ্য গঠন : ১৯৫০ চনৰ ২৬ জানুৱাৰী।

বিধানসভাৰ সদস্য : ১২৬ জন।

লোকসভাৰ সদস্য : ১৪ জন।

ৰাজ্যসভাৰ সদস্য : জন।

মুঠ জনসংখ্যা : ,১২,০৫,৫৭৬জন (২০১১ৰ লোকপিয়লমতে)

পুৰুষ : ,৫৯,৩৯,৪৪৩

মহিলা : ,৫২,৬৬,১৩৩

গ্রামাঞ্চলৰ জনসংখ্যাৰ হাৰ :৮৬%

চহৰ অঞ্চলৰ জনসংখ্যাৰ হাৰ : ১৪%

পুৰুষ-মহিলাৰ অনুপাত (প্রতি হাজাৰ পুৰুষত মহিলা) ৯৫৮

জনবসতিৰ ঘনত্ব : ৩৯৮ (প্রতি বর্গ কিঃ মিঃ)

সাক্ষৰতাৰ হাৰ ৭২.১২%

পুৰুষৰ হাৰ : ৭৭.৮৫%

মহিলাৰ হাৰ : ৬৬.২৭%

মুঠ জিলা : ৩৩ খন।

পৌৰসভা : ২৫. খন।

পৌৰ নিগম এখন (গুৱাহাটী)

গাওঁ : ২৬২৯৫ খন।

আৰক্ষী আয়ুক্ত : এটা (গুৱাহাটী)

সর্বাধিক জনবসতিৰ ঘনত্ব জিলা কামৰূপ ()

সর্বনিম্ন জনবসতিৰ ঘনত্ব জিলা উত্তৰ কাছাৰ।

বৃহত্তম জিলা কাৰ্বি আংলং।

সৰু জিলা হাইলাকান্দি।

সাক্ষৰতাৰ হাৰ (সৰ্বাধিক) কামৰূপ ()

সাক্ষৰতাৰ হাৰ (সর্বনিম্ন) ধুবুৰী।

জনবহুল নগৰ : গুৱাহাটী।

জনবহুল গাওঁ : শুৱালকুছি।

বৃহত্তম ৰেল জংছন লামডিং।

বৃহত্তম নদীদ্বীপ (পৃথিৱীৰ) মাজুলী।

ক্ষুদ্রতম নদীদ্বীপ (পৃথিৱীৰ) উমানন্দ।

বিশ্বৰ দ্বিতীয় ঘোলা নৈঃ ব্ৰহ্মপুত্র।

প্রধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক।

বিশ্বৰ বেগী চৰাই ইণ্ডিয়ান ছুইফট বার্ড।

এশিঙীয়া গঁড়ৰ বাবে অসম বিশ্ববিখ্যাত।

 

অসমৰ সংমণ্ডলকেইটা

সংমণ্ডল:-মাণ্ডলিক কার্যালয় সামৰি লোৱা জিলা

উত্তৰ অসম        তেজপুৰ           ওদালগুৰি, দৰং, শোণিতপুৰ, আৰু বিশ্বনাথ।

 

 

নামনি অসম       গুৱাহাটী      ধুবুৰী, গোৱালপাৰা, চিৰাং, বৰপেটা, বাগছা, বঙাইগাওঁ,

                             নলবাৰী, কামৰূপ, কামৰূপ (), দক্ষিণ শালমাৰা, মানকাচাৰ।

উজনি অসম    যোৰহাট    যোৰহাট, মাজুলী, গোলাঘাট, চৰাইদেউ, লখিমপুৰ, ডিব্ৰুগড়,

                                        ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ।

বৰাক উপত্যকা    শিলচৰ   কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি।

মধ্য অসম  নগাওঁ  ডিমা হাছাও, কাৰ্বি আংলং, নগাওঁ, হোজাই, মৰিগাও,

পশ্চিম কাৰ্বি আংলং।



Previous Post Next Post

نموذج الاتصال