মৃত্যুৰ গুৰুত্ব (Significance of death)

 মৃত্যুৰ গুৰুত্ব (Significance of death) :

স্নেহভাজন, শ্রদ্ধাভাজন লোকৰ বা আদৰৰ যি কোনো জীৱৰ মৃত্যুত মানুহৰ স্বাভাৱিকতেই শোক হয়। আন জীৱজন্তুৰো এনে মানসিক অনুভূতি থকা দেখা যায়। পিছে, মৃত্যুৰ সকলো দিশৰ প্ৰতি আমি সজাগ নহঁও। জীৱজগতত মৃত্যুৰ গুৰুত্বপূৰ্ণ দিশ আছে। প্রকৃতিয়ে একক ব্যক্তিৰ কল্যাণলৈ ভ্ৰূক্ষেপ নকৰি জীৱজগতখনৰ সৰ্বাত্মক কল্যাণৰ কাৰণেহে সকলো জৈৱিক চৰিত্ৰৰ অৱতাৰণা কৰিছে।

ভাৰতীয় সংস্কৃতিত ব্যক্তিৰ মৃত্যু তিথিহে উদযাপন কৰাৰ বিধি আছে। জন্ম তিথি পালন কৰা হয় কেৱল ভগৱান শ্ৰীকৃষ্ণৰহে। ইয়াৰ পৰা বুজা যায়—আমাৰ সংস্কৃতিয়ে জন্মতকৈ মৃত্যুৰ ওপৰত হে অধিক গুৰুত্ব দিয়ে—জীৱন বন্ধনৰ পৰা মুক্তি লাভ কৰা বুলি।

এতিয়াও মাজে-সময়ে এই প্রশ্নটোৰ অৱতাৰণা হয় জীৱসমূহ পৃথিৱীত স্থায়ী নহ'ল কিয়—সেইবোৰৰ মৃত্যু নোহোৱাহ’ লেওতো চলিলহেঁতেন। একেখিনি জীৱই স্থায়ীভাৱে পৃথিৱীত বাস কৰিব পাৰিলেহেঁতেন, কিছুমান মৰি আন কিছুমানৰ জন্মন নহ'লেইহ'লহেঁতেন। এই প্রশ্নৰ উত্তৰ জীৱবিজ্ঞানে তলত উল্লেখ কৰা ধৰণে দিব পাৰে :

1. জীৱৰ মৃত্যু নহ'লে অতি সোনকালে অগণন জীৱজন্তুৱে গোটেই পৃথিৱী ছাটি পেলালেহেঁতেন। নতুন কোনো জীৱৰ কাৰণে ঠাই আৰু আহাৰ নাথাকিলহেঁতেন।

2. প্রাকৃতিক নিয়মমতে বিশ্বৰ আটাইবোৰ পৰিস্থিতি চক্রাকাৰে পৰিৱৰ্তন হৈ থাকে। পৃথিৱীৰ জীৱসমূহো সেইদৰে জন্মমৃত্যুৰ অনুক্ৰমণৰ বশৱৰ্তী।

3. উদ্ভিদ আৰু প্ৰাণী দেহৰ মৃত কোষৰ প্ৰয়োজন আছে যেনে—

(i) উদ্ভিদৰ মৃতকোষে গছৰ পৰিবহণতন্ত্র গঠন কৰাৰ উপৰি গা-গছ, ডাল-পাতক দৃঢ়তা দিয়ে।

(ii) প্ৰাণীৰ ক্ষেত্ৰত মৃত কোষে গৰু-ঘোঁড়াৰ খুৰা, চৰাই আৰু মাংসভোজী প্ৰাণীৰ নখ, শিং আদি গঠন কৰে। পতঙ্গ আৰু আন সন্ধিপদী প্ৰাণীৰ বহিঃ কংকাল আদি গঠন কৰে মানুহৰ মাখি ছালো মৃতকোষেৰে গঠিত।

4. মৃত্যুৰ ফলত জীৱৰ শৰীৰ পুনৰ পৰিৱেশৰ লগত মিলি যায়। জীৱনকালত পৰিৱেশৰ পৰা লোৱা মৌলসমূহ পুনৰ পৰিৱেশলৈ দ্ৰব্যবোৰৰ পুনঃ পুনঃ ব্যৱহাৰ সুনিশ্চিত কৰে।

Previous Post Next Post

نموذج الاتصال