ক্ৰমেট গ্রাফী বা ৰঞ্জন চিত্রায়ন পদ্ধতি (Chromatography in Assamese Language)

 জীৱসমূহৰ ৰাসায়নিক দিশটো অধ্যয়ন কৰোতে বিজ্ঞানীসকলে নানাধৰণৰ জৈৱ ৰাসয়নৰ সৈতে মুখামুখি হয়। জীৱৰ দেহটো নানান বাসায়নিক দ্রব্যেৰে গঠিত। কোষ, কলা, অংগসমূহত নানাবিধ জৈৱ ৰাসায়নিক দ্রব্য থকা দেখা যায়। ইহঁতৰ অনেকে শৰীৰৰ ভৌতিক গঠনত আৰু অনেকে জীৱন ক্রিয়াত ভাগ লয়। দেহৰস বা কোষৰস হিচাপে। প্রায় সকলো ক্ষেততে দেহত এই জৈব ৰাসায়নিক দ্ৰব্যবোৰ নানাবিধ জৈব যৌগৰ সংমিশ্ৰণ হিচাপেই পোৱা যায়। মিশ্রণবোৰত থকা বিভিন্ন যৌগবোৰে জীৱন ক্রিয়াত বিভিন্ন প্ৰকাৰে ভাগ লয়। কি কি বিভিন্ন যৌগ কেনে ভাৱে, কেনে পৰিমাণে মিহলি হৈ থাকে, সেইখিনি অনুসন্ধান কৰিবলৈ বিজ্ঞানীসকলে মিশ্রণবোৰৰ পৰা বিভিন্ন যৌগবোৰ পৃথক কৰি উলিয়াবলগীয়া হয়। এই কামটো এনেয়ে বেচ কষ্টসাধ্য।

এই কামকে সহজসাধ্য ভাৱে কৰাৰ এক পদ্ধতি 1903 খৃঃতে পেট (Swett) নামে এগৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল। দুবিধ বিভিন্ন ভৌতিক দ্ৰব্যৰ মাজত আণৱিক স্তৰত হোৱ৷ সংলগন আৰু সংযোজন বলব (cohesion, adhesion) তাৰতম্যৰ ওপৰত দ্রব্য পৃথকীকৰণ পদ্ধতিটো প্রতিষ্ঠিত। শ্বেটে এনে বস্তু ব্যৱহাৰ কৰিছিল যাৰ এবিধ সচল আৰু এবিধ অচল অর্থাৎ এবিধ দ্রব্য এঠাইৰ পৰা আঁতৰি আন ঠাইলৈ যাব পাৰে (mobile) আৰু আনবিধে নোৱাৰে (stationary)। উদাহৰণস্বৰূপে, এটা কাঁচৰ চুঙাত 'চকমাটি'ৰ গুড়ি (chalk powder) ভৰাই ল'লে চকমাটিৰ স্তম্ভ এটা তৈয়াৰ কৰা হওঁক। এতিয়া বিভিন্ন যৌগৰ মিশ্ৰণ এটা অলপ পানীত দ্ৰৱিত কৰি লৈ তাত কোনো ৰঞ্জক দ্রব্য দি পানীখিনি ৰঙীন কৰি লোৱা হওঁক। এই দ্ৰব্যটোৰ অলপ মান 'চক 'ৰ স্তম্ভটোৰ ওপৰত ধীৰে ধীৰে ঢাল্লি দিয়া হওঁক দেখা যায় যাব, স্তম্ভটোত বলয়াকাৰে কেতবোৰ ঠাইত গাঢ় ৰং ধৰিছে। ৰঙটো তললৈ ক্ৰমে পাতল হৈ নাইকিয়া হৈছে আৰু আন এটা বলয়াকাৰ গাঢ় ৰং ওলাই পৰিছে। এইদৰে মিশ্ৰণটোত যিমানটা বিভিন্ন যৌগ আছিল, সিমানটা গাঢ় ৰঙৰ বলয় দেখা যাব। অচল চমাটিৰ মাজেদি সচল দ্রাৱকখিনি মাধ্যাকর্ষণ বলত প্রভাৱত তললৈ নামি আহোতে তাত থকা বিবিন্ন দ্রব্য কেইটাই বিভিন্ন পৰিমাণে দ্রবিত হয়। যিবিধ দ্রব্যই দ্ৰবিত হবলৈ বেচি সময় লয় সেইবিধ পাছ পৰি ৰৈ যায় কিন্তু বাকী কেইবিধ পানীৰ লগত নামি আহে। যিবিধ দ্রব্যই অতি সোনকালে দ্ৰবিত হয় সেই বিধ বেছি তললৈকে নামি আহি ৰৈ যায়। পানী আৰু অধিক তললৈ নামি আহে। এইদৰে স্তম্ভটোৰ বিভিন্ন ঠাইত বিভিন্ন দ্রব্য ৰৈ যায় আৰু দ্ৰাৱক পানীখিনি একেবাৰে তললৈকে আহে। চকৰ স্তম্বৰ পৰাই বিভিন্ন দ্ৰব্য পুনৰ সংগ্ৰহ কৰিব পাৰিব।

এইটোৱেই মিশ্রণৰ পৰা যৌগসমূহ পৃথক কৰাৰ মৌলিক তত্ব। পৰীক্ষাটোত অচল ভাগটো এটা স্তম্ভ আকাৰত লোৱাৰ কাৰণে, এই বিশেষ ৰঞ্জন চিত্রায়ন পদ্ধতিটোক স্তম্ভ চিত্রায়ন (Column chromatography) বোলা হয়। শ্বেটৰ পদ্ধতিটো প্রায় পঞ্চাশ বছৰ কাল আন বিজ্ঞানীসকলৰ অজ্ঞাত হৈ আছিল। বিংশ শতিকাৰ তৃতীয় দশকতহে পদ্ধতিটো পুনৰ আৱিষ্কৃত হ'ল আৰু তাৰ যথেষ্ট সংস্কাৰো সাধন কৰা হ'ল। আধুনিক যুগত এই পদ্ধতি বহুলভাৱে ব্যৱহাৰ কৰা হয় আৰু ই অতি সহজো হৈ পৰিছে।

Previous Post Next Post

نموذج الاتصال