ভিটামিন D (Vitamin D) :

 ভিটামিন D (Vitamin D) :

ভিটামিন "D"প্ৰাক্‌ অবস্থা (প্র-ভিটামিন) আগষ্টেল (Ergosterol) কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰত পোৱা যায় কিন্তু উন্নত উদ্ভিদদেহত পোৱা নাযায়। অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত আগষ্টেৰল ভিটামিন D-ত পৰিণত হয়। D ভিটামিনৰ ৰাসায়নিক নাম কেলছিফেল (Calciferol)। গাখীৰত D ভিটামিন নাথাকে। কিন্তু অতি বেঙুনীয়া ৰশ্মিৰে আলোকিত কৰিলে গাখীৰত D-ভিটামিনৰ সৃষ্টি হয়। শিশুৰ বাবে প্ৰস্তুত কৰা গাখীৰ এনদৰে সবল বা সুৰক্ষী কৰা হয় (Fortified) | ভিটামিন D-য়ে শৰীৰৰ হাড় আৰু দাঁতৰ গঠনত ভাগ লয় বুলি জনা যায়। ইয়াৰ অভাৱ হ'লে হাড় আৰু দাঁতত কেলছিয়াম আৰু ফছফৰাছ লৱণ গোট নাখায়। আনহাতে এই লৱণবোৰ প্ৰস্ৰাৱৰ লগত শৰীৰৰ পৰা ওলাই যায়। ইয়াৰ ফলত কেঁচুৱাৰ পয়ালগা ৰোগ (Ricket) হয় আৰু পাছত গৈ ঠেংবোৰ ফেৰেকা কিম্বা আঁঠুযুঁজীয়া (আঁঠুৱে আঁঠুরে খুন্দা খোৱা) হয়। লগতে দাঁতবোৰো বেৰীয়া কিম্বা উজলা হয়।।

উৎসসমূহ :

প্ৰাণীৰ যকৃতৰ তেলত ভিটামিন D প্ৰচুৰ পৰিমাণে পোৱা যায়। উদ্ভিদৰ বীজত থকা তৈল পদার্থ (Lipid) অতি বেঙুনী ৰশ্মিৰে বিকিৰিত কৰিও D ভিটামিন প্রস্তুত কৰা হয়। আমাৰ শৰীৰৰ চৰ্মই পুৱাৰ সূৰ্যৰ পৰা বিকিৰণ হোৱা অতি বেঙুনীয়া ৰশ্চিত সহায়ত ভিটামিন D প্রস্তুত কৰে। সেয়ে ভিটামিন D ক Sun Shine ভিটামিনো বোলে।

Previous Post Next Post

نموذج الاتصال