লালটিৰ কাৰ্য-Functions of Saliva

লালটিৰ কাৰ্য (Functions of Saliva) : লালটিয়ে তলত উল্লেখ কৰা কাৰ্যসমূহ সমাধা কৰে।

(ক) ই মুখগহ্বৰ সেমেকা কৰি ৰাখি খাদ্য চোবোৱাত সহায় কৰে।

(খ) লালটিৰ টায়ালিন বা চেলাইভাৰী এমাইলেজে খাদ্যৰ শ্বেতসাৰ অংশৰ পাচন ঘটায়।

(গ) ই মুখগহ্বৰ পৰিস্কাৰ কৰি ৰাখে।

(ঘ) ই খাদ্যৰ কিছুমান উপাদান দ্ৰৱীভূত কৰি শোষণ কৰাত সহায় কৰে।

(ঙ) লালটিৰ লাইছ’জাইম উৎসেচকে বেক্টেৰিয়া ধ্বংস কৰে।

(চ) ই জিভা আৰু ওঠৰ সঞ্চালনৰ দ্বাৰা কথা কোৱাত সহায় কৰে।

(ছ) ইয়াত থকা বাইকাব’নেট, ফছফেট আদি পদার্থই বাফাৰ দ্ৰৱ হিচাপে ক্রিয়া কৰে।

(জ) ই দাঁতবোৰক বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে।

Previous Post Next Post

نموذج الاتصال