শিল্পত বেকটেৰিয়াৰ ব্যৱহাৰ (Use of Bacteria in Industries) :

 শিল্পত বেকটেৰিয়াৰ ব্যৱহাৰ (Use of Bacteria in Industries) :

অনেক ধৰণৰ বেকটেৰিয়া ব্যৱহাৰ কৰি অতি সাধাৰণ বা পেলনীয়া সামগ্ৰীৰ পৰা অতি প্রয়োজনীয় বস্তু কিছুমান প্রস্তুত কৰিব পাৰি। কিম্বন (Fermentation) প্ৰণালীৰ যোগে এনে সামগ্রী উৎপাদন কৰা হয়। নির্দিষ্ট উৎপাদনৰ বাবে নিৰ্দিষ্ট কেঁচামাল আৰু নিৰ্দিষ্ট বেকটেৰিয়া ব্যৱহাৰ কৰিব লাগে। কিছুমান এনে বেকটেৰিয়া আৰু এই বিলাকৰ উৎপাদন তলত দিয়া

হ'ল—

1. দুগ্ধজাত বস্তু (Diary products) : দৈ, মাখন, চিজ্ আদি উৎপাদনৰ বাবে অনেক ধৰণৰ বেকটেৰিয়া ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত প্ৰধান কেইটা হ'ল— Lactobacillus bulgaricans, Streptococcus lacti,

2. লেকটিক এছিড (Lactic acid) : Lactobacillus lactis

3. এচেটিক এছিড (Acetic acid): Acetobacter aceti

4. এলকহ’ল, এচিটন (Alcohol, Acetone) : Clostridium acetobutylicum, Bacillus polymyxa

5. প্ৰ'টিন খাদ্য : Pseudomonas

6. চাহ, কফি, ধপাতৰ উপযুক্ত গোন্ধ আৰু সোৱাদৰ বাবে Bacillus megatherium, Micrococcus candisans আদি বেকটেৰিয়া ব্যৱহাৰ কৰি কিম্বন কৰা হয়।

7. কাগজ আৰু কাপোৰ শিল্পৰ বাবে প্ৰযোজনীয় উৎসেচক (enzyme) প্রস্তুত কৰা হয় Bacillus গোষ্ঠীৰ বেকটেৰিয়াৰ পৰা।

8. চর্ম শোধনৰ (Taning) বাবে Bacillus গোষ্ঠীৰ বেকটেৰিয়া ব্যৱহাৰ কৰা হয়।

9. অনেক ধৰণৰ ভিটামিন, উৎসেচক আদি প্ৰস্তুত কৰিবৰ বাবে Streptococcus, Micrococcus আদি বেকটেৰিয়া ব্যৱহাৰ হয়।

Previous Post Next Post

نموذج الاتصال